মিচিং জনগোষ্ঠীৰ খেল
◼তপন পায়েং
খেল বুলি কোৱাৰ কাৰণে কিছুমান কথা নিশ্চয় ভাহি আহিছে নহ'য়নে বাৰু? হ'য়তো ভাৱিব পাৰে মিচিং সকলেনো কি খেল খেলে ! বক্সিং,বেটমিন্টন,ফুটবল অথবা ক্ৰিকেট।প্ৰিয় পাঠক আমি যেতিয়া অসমৰ মধ্যযুগৰ ইতিহাসত "আহোম ৰাজ্য"ৰ বিষয়ে পঢ়ো তেতিয়া হ'য়তো পাওঁ আমি খেলৰ বিষয়ে । এই খেলনো কি খেলৰ বিষয়ে যদি চাওঁ,খেল হৈছে-আহোমৰ স্বৰ্গদেউসকলে আহোম ৰাজ্য সু-শাসনৰ বাবে প্ৰনয়ণ কৰা ব্যৱস্থা। এই খেল ব্যৱস্থা স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনৰ পৰা আৰম্ভ হৈছিল। এই খেলত ৰাজ্যৰ সু-সাংগঠনিক দিশসমূহক উন্নত কৰিবলৈ বিভিন্ন ভাগত বিভক্ত কৰিছিল,উদাহৰণস্বৰূপে নাওঁবৈচা খেল যত এই খেলে নাওঁ ব্যৱস্থাক চোৱাচিতা কৰা,জাপিসজীয়া খেলে জাপি বনোৱাত ইত্যাদি। কিন্তু মিচিং জনজাতিৰ তেনে ব্যৱস্থা নাছিল বৰঞ্চ খেল মিচিং সকলৰ বংশ গোত্ৰ বুলিয়ে ক'ব পাৰি। মিচিং সকলৰ খেল স্থান অনুসৰি বেলেগ বেলেগ পৰ্বতীয়া অঞ্চলত দুই প্ৰকাৰৰ মিয়ং আৰু দাম্ৰ আনহাতে ভৈয়ামলৈ আহি কেইভাভাগ বিভক্ত যেনে-অয়েঙ্গিয়া(অয়ান),ময়েঙ্গিয়া(ময়িং),চায়েঙ্গিয়া(চায়াং),দাম্বোকিয়াল(দাম্বোক),ডেলো বা লাচং গঞা,তায়ে বা জন গঞা,চামু-গুৰীয়া বা মিৰাং,চুতীয়া মিৰি বা পাগৰ। কিন্তু এই খেলত কোনো ডাঙৰ সৰু নহ'য় কোনো কাৰো পৰাধীন নহয়, সকলো সমান আছিল আৰু আছে ।
এই খেলসমূহৰ বিষয়ে যদি চাওঁ
দাম্বোকিয়াল মিৰিঃ-দামনে দাম্ব্ৰ আবৰৰ পৰা ভৈয়ামলৈ নতুনকৈ অহা মিচিং ,তেওঁলোকে পাহাৰৰ পৰা ভৈয়ামলৈ অকলে আহিছিল কাকো লগত নলৈ বা পৰাধীন নোহোৱাকৈ নামি অহা মিচিং।তেওঁলোকৰ খেলত নিজ গাম পাতিছিল। দাম্বোক খেলৰ পৰা উৎপত্তি হোৱা উপাধিসমূহ পেৰতিন,পেৰমে,পেগু,মেগু,লেগ,টায়েং,কুম্বাং,পাতিৰ ,অচিক ইত্যাদি।
অয়েঙ্গিয়া(অয়ান):-ভৈয়ামত মানৰ আক্ৰমনৰ পাছত দেশত শান্তি বিস্তাৰ হোৱাৰ পাছত মিয়ং আবৰৰ এই খেলৰ লোকসকলে পাহাৰৰ পৰা ভৈয়ামলৈ স্বাধীনভাৱে নামি আহে ।তেওঁলোকৰ খেলৰ মাজতেই গাম,কটকী আদি বিষয়বোৰত নিজ খেলৰ মানুহৰ ভিতৰত পাতে। অয়ানৰ পৰা উৎপত্তি হোৱা উপাধি সমূহ-বৰি,তাৱ,পাঞাং,টায়ে,পাৱ,পাইত,টাইদ,মিলি ইত্যাদি।এই খেলে আয়োজন কৰা সভাক "মিয়ং কেবাং"বুলি কোৱা হয়।
মঞিং(ময়েঙ্গিয়া):- এই খেলৰ লোকসকল পাহাৰৰ ঠেক ঠাইৰ পৰা ভৈয়ামত গৈ বাস কৰা লোক।তেওঁলোকক ময়েঙ্গিয়া বুলিওঁ জনা যায়।এই খেলৰ লোকসকলেওঁ স্বাধীনভাৱে নামি অহা খেল।এই খেলৰ দ্বাৰা উৎপত্তি হোৱা উপাধিসমূহৰ ভিতৰত-নৰহ,চিন্তে,ঙাতে,পায়েং,পগাগ,পলেং,মিলি,কাৰ্দ্দং,দাপাক,দানাং,পায়ুন ইত্যাদি।পূৰ্বতে তেওঁলোক নদীৰ কাষত থাকি ভাল পাইছিল বৰ্তমান এই খেলৰ লোকসকল নৈ নোহোৱা ঠাইতে থাকি ভাল পায়।
চায়েঙ্গিয়াঃ-পেচাং পৰ্বতেদি আহি ভৈয়ামত বাস কৰা লোক। এই খেলতোৰ পৰা উৎপত্তি হোৱা উপাধিসমূহৰ ভিতৰত-বৰাং,ৰেগন,দাঙ্গ,পামে,পাছাৰ,বাচিং ইত্যাদি।
ডেলো/লাচংঃ- দামনে আবৰৰ পৰা ব্ৰহ্মপুত্ৰৰ উজাইদি ঘূৰি আহি ভৈয়ামত বাস কৰা ,ডেলোৰ অৰ্থই হৈছে ব্ৰহ্মপুত্ৰৰ উজাইদি অহা।ভৈয়ামত তেওঁলকক ডেলো মিৰি বুলিওঁ কোৱা হ'য়।তেওঁলোকক লাচং গঞাঁ বুলিও জনা যায় কাৰণ তেওঁলোকক গামৰ তলতীয়া হৈ ভৈয়ামলৈ নামি আহিছিল।এই খেলৰ পৰা হোৱা উপাধিসমূহ হ'ল এনেধৰনৰ-পাংগি,য়েইন,টায়ে,মিলি।
তায়ো তায়ে বা জন গঞাঃ- মিয়ং বৰ আবৰৰ পৰা ভৈয়ামলৈ অহা লোক।তায়োতায়েৰ অৰ্থ হ'ল- দাম্ৰবৰ আবৰৰ সৈতে যুঁজ দিওঁতে দাম্ৰ বৰ আবৰে পেটৰ নাড়ীৰ ভুৰু ওলাই যোৱাকৈ কাটে।আনহাতে বৰ আবৰক এই যুদ্ধত কেনেকুৱা হ'ল বুলি সুধোতে "তায়োংতায়ে"অৰ্থাৎ পেটৰ গুহ ওলোৱাকৈ কাটিছিল বুলি কৈছিল।পাছত জন নামেৰে তেওঁলোকৰ মানুহ এজন গাম হৈ শাসন কৰিছিল বাবে তেওঁৰ নাম জনগঞা বুলিওঁ জনা গৈছিল।
চামুগুৰীয়াঃ- এই খেলক তিনি ভাগত ভাগ কৰিব পাৰি চাবৰু গঞা,তামাৰ গঞা আৰু চামুগুৰীয়া।এই খেলৰ মানুহসকলে বৰ্তমান উত্তৰ লখিমপুৰৰ ৰঙানৈ,নাৰায়ণপুৰ,দিক্ৰং,ধনশিৰি,মহুৰা আদি ঠাইত বাস কৰিছে।
পাগৰ/চুতীয়া মিৰিঃ- এই লোক সকল মিয়ং বা দাম্ৰ আবৰৰ ।আহোম ৰাজ্য আৰু চুতীয়া ৰাজ্য তথা চুহুংমুঙ আৰু নীতিপালৰ মাজত যুদ্ধ হওঁতে কিছু চুতীয়াসকলে মিৰি বা মিচিং লোকসকলৰ ঘৰত আশ্ৰয় লৈছিল,চুতীয়াৰ এই লোকসকলে মিচিঙৰ লগত সম্বদ্ধ তথা বৈৱাহিক সুত্ৰ গঢ়ি তোলে আৰু আবৰে তেওঁলোকক পাগৰ নাম দিয়ে আৰু হিন্দুসকলে চুতীয়াৰে মিল থকাৰ কাৰণে "চুতীয়া"মিৰি বুলিছিল।
আহোমৰ খেলসকলে কেতিয়াবা পাইক হৈ ৰজাৰ ঘৰত বছৰতে তিনি মাহ (পিছলৈ ৪ মাহ)কাম কৰিবলগীয়া হৈছিল।মিচিঙৰ খেলসমূহত তেনে নিয়ম নাছিল। আহোমসকলৰ মাজত ৰজাই পতা বুঢ়া গোহাঁই,বৰগোহাঁই আদি আছে তেওঁলোকৰ মাজত সৰু বৰ আছিল।কিন্তু মিচিঙৰ মাজত এই এইটো নাছিল কাৰণ মিচিঙৰ মাজত ৰজা নাই ,সমাজনীতি আছিল। একো একোটা খেলত এক হাজাৰৰ পৰা তিনি হাজাৰ লৈকে পাইক আছিল।প্ৰতিটো খেলৰ সমষ্টিত পোনপটীয়াকৈ একোজন ফুকন নিয়োগ কৰিছিল।উদাহৰণস্বৰূপে নাওসজা খেলৰ দায়িত্বত নাওশলীয়া ফুকন। কিন্তু মিচিঙৰ ক্ষেত্ৰত তেনে নাছিল।
একে বংশৰ গোত্ৰৰ মাজত বৈৱাহিক সম্বন্ধ স্থাপন কৰিব নোৱাৰে। এটা খেলৰ মানুহে অন্য খেলৰ লগত বিবাহ সুত্ৰ গঢ়োতে যি খেলত বিয়া হ'ব এই খেলৰ উপাধি লাভ কৰিব। উদাহৰণস্বৰূপে কুশল মিলি নামৰ লৰা এজনে যদি নীতামনি পেগু নামৰ কন্যা এজনী বিবাহ কৰিলে তেতিয়া পেগু কন্যাই মিলি উপাধি লাভ কৰিব অৰ্থাৎ নীতামণি পেগুৰ পৰা নীতামণি মিলি হ'ব।কিন্তু যদিয়ে এটা খেলৰ একেটা বংশৰ মাজতে যুৱক-যুৱতীয়ে বিবাহ হ'লে খেলৰ গাম জনে পাপী বুলি বংশৰ বংশৰ কুলংগাৰ বুলি যাতে শাস্তি বিহিবলৈ পাহৰি নামে সজাঁ এটা সাজি নদীত উঠোৱাই দিয়া হ'য়। এই ব্যৱস্থাক পাহৰি প্ৰথা বুলিওঁ কোৱা হৈছিল।
মিচিঙৰ খেল হৈছে বংশটোৰ ঘাইমূল শিপা। এই খেলেই হৈছে তেওঁলোকৰ মূল সস্তীত্ব ।
(সহায়ক গ্ৰন্থঃ-মিৰি জাতিৰ বুৰঞ্জী,পাঞাং কটকী সোণাৰাম)